Skip to main content

অধ্যায় ১ - ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ

 

অধ্যায় ১ - ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ

 Notes

  • অধ্যায়টোত আমি কি কি শিকিবলৈ পাম ?
  1. ৰাসায়নিক বিক্ৰিয়া
  2. ৰাসায়নিক সমীকৰণ
  3.  ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰ
  • ৰাসায়নিক বিক্ৰিয়াৰ অৰ্থ কি ? 
ৰাসায়নিক বিক্ৰিয়া বা ৰাসায়নিক পৰিৱৰ্তন ঘটা বুলিলে এনে  এটা প্ৰক্ৰিয়াক বুজায় য'ত প্ৰাৰম্ভিক বস্তুবোৰৰ প্ৰকৃতি আৰু স্বকীয়তা সম্পূৰ্নৰূপে সলনি হৈ নতুন বস্তুৰ সৃষ্টি হয় । 

উদাহৰনস্বৰুপে -

  1. গাখীৰৰ পৰা দৈ হোৱা প্ৰক্ৰিয়া
  2. শ্বসন প্ৰক্ৰিয়া
  3. সালোক সংশ্লেষন ইত্যাদি ।
  • ৰাসায়নিক বিক্ৰিয়াৰ বিষয়ে অধ্যয়নৰ প্ৰয়োজনীয়তা কি ?
আমাৰ দৈনন্দিন জীৱনত ঘটা বহুখিনি প্ৰক্ৰিয়াই ৰাসায়নিক পৰিৱৰ্তন । উদাহৰনস্বৰূপে - আমাৰ শৰীৰত ঘটা শ্বসন ক্ৰিয়া ,সেউজীয়া উদ্ভিদৰ পাতত ঘটা সালোক সংশ্লেষন , পোৰা চূণত পানী মিহলি কৰা প্ৰক্ৰিয়া ইত্যাদি । আমি অনুমান কৰিব পাৰোঁ যে ৰাসায়নিক বিক্ৰিয়া আমাৰ জীৱনৰ এটা অপৰিহাৰ্য অংগ । ইয়াৰ বহু কু-প্ৰভাৱো আমাৰ জীৱনত পৰে । যেনে - ঊষদ  সদায় চিকিৎসকৰ পৰামৰ্শত লব লাগে । সময় পাৰ হৈ যোৱা ঊষদে ভয়ংকৰ ক্ষতি সাধন কৰিব পাৰে । সেয়ে ৰাসায়নিক বিক্ৰিয়াৰ বিষয়ে অধ্যয়ন কৰাটো অতি আৱশ্যক । 
  • ৰাসায়নিক বিক্ৰিয়া এটাত ঘটা পৰিৱৰ্তনসমূহ -
  1. অৱস্থাৰ পৰিৱৰ্তন 
  2. ৰঙৰ পৰিৱৰ্তন
  3. গেছৰ পৰিৱৰ্তন
  4. উষ্ণতাৰ পৰিৱৰ্তন
  • বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থ :
বিক্ৰিয়া এটাত ৰাসায়নিক পৰিৱৰ্তনত অংশগ্ৰহণ কৰা প্ৰাৰম্ভিক পদাৰ্থক  বিক্ৰিয়ক আৰু বিক্ৰিয়াৰ ফলস্বৰূপে সৃষ্টি হোৱা নতুন পদাৰ্থক বিক্ৰিয়াজাত পদাৰ্থ বোলা হয় ।

শব্দ সমীকৰন এটাইবিক্ৰিয়কৰ বিক্ৰিয়াজাত পদাৰ্থলৈ হোৱা পৰিৱৰ্তন এডাল কাঁড় চিনেৰে দেখুৱায়।
মেগনেছিয়াম + অক্সাইড ---------- মেগনেছিয়াম অক্সাইড

( বিক্ৰিয়ক )                                         (   বিক্ৰিয়াজাত )


ৰাসায়নিক সমীকৰনক অধিক সংক্ষিপ্তকৈ আৰু ব্যৱহাৰযোগ্য কৰিবলৈ শব্দবোৰৰ স্থানত ৰাসায়নিক সংকেত ব্যৱহাৰ কৰোঁ ।
উদাহৰনস্বৰূপে : 
২Mg +  O2 -------- ২MgO


  • অসন্তুলিত বা জঁকা ৰাসায়নিক সমীকৰন :


বিক্ৰিয়কৰ মুঠ ভৰ আৰু বিক্ৰিয়াজাত পদাৰ্থৰ মুঠ ভৰ সমান নহয় ।
উদাহৰনস্বৰূপে : 
 Mg + O2 ---------- MgO

ওপৰৰ সমীকৰনত যিহেতু বাওঁফালে আৰু সোঁফালে প্ৰতিটো মৌলৰে পৰমানুৰ সংখ্যা একে নহয় ।
সেয়েহে সমীকৰনটোৰ দুয়োফালৰ ভৰ একে নহয় ।


  • সন্তুলিত ৰাসায়নিক সমীকৰন : 

বিক্ৰিয়কৰ মুঠ ভৰ আৰু বিক্ৰিয়াজাত পদাৰ্থৰ মুঠ ভৰ সমান হয়।
উদাহৰনস্বৰূপে :
 Zn         +         H2SO4 ----------- ZnSO4       +         H2
( যিংক )  (ছালফিউৰিক এছিড)    ( যিংক ছালফেট)    (হাইড্ৰজেন)


ওপৰৰ সমীকৰনত

মৌল                               বিক্ৰিয়ক পৰমানুৰ সংখ্যা                  বিক্ৰিয়াজাত পৰমানুৰ সংখ্যা

 Zn                   1                1                                                               

  H                    2                2                                                               

  S                     1                1                                                               

  O                    4                4                                                               



  • ৰাসায়নিক সমীকৰনক সন্তুলিত  কৰাৰ নিয়মসমূহ : 
  1.  প্ৰথমতে বহুমৌলক সমতুল কৰিব লাগে । ( যদি দুয়োফালে থাকে)
  2. দ্বিতীয়তে  ধাতুক সমতুল কৰিব লাগে । 
  3. তৃতীয়তে অধাতুক সমতুল কৰিব লাগে ।
  4. ৰাসায়নিক সংকেতবোৰ সলনি কৰা নাযায় । যেনে পানীৰ সংকেত  H2O , ইয়াক সলনি কৰি  H2O2 লিখিব নোৱাৰি ।
  5. সন্তুলিত সমীকৰনটোত কোনো ধৰনৰ ভংগ্নাশ থাকিব নোৱাৰিব ।
  • ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰ : 
  1. সংযোজন বিক্ৰিয়া : 
যিবোৰ বিক্ৰিয়াত দুই বা ততোধিক বিক্ৰিয়ক পদাৰ্থ লগ হৈ এটা মাত্ৰ বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হয় , তেনেবোৰ বিক্ৰিয়াক সংযোজন বিক্ৰিয়া বোলে ।
উদাহৰনস্বৰূপে
  1. পানীৰ সৈতে কেলছিয়াম অক্সাইডৰ বিক্ৰিয়া ঘটাই শিথিলিত চূনৰ উৎপাদন । 
        CaO               +             H2O         ----------------   Ca(H2O)

      2. H2(g) আৰু O2(g) বিক্ৰিয়া ঘটি পানীৰ গঠন হয় । 

   2H2(g)               +               O2(g)      ---------------  2H2O(l)


Comments