Skip to main content

Posts

Showing posts from April, 2020

অধ্যায় ১ - ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ

  অধ্যায় ১ - ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ  Notes অধ্যায়টোত আমি কি কি শিকিবলৈ পাম ? ৰাসায়নিক বিক্ৰিয়া ৰাসায়নিক সমীকৰণ  ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰ ৰাসায়নিক বিক্ৰিয়াৰ অৰ্থ কি ?   ৰাসায়নিক বিক্ৰিয়া বা ৰাসায়নিক পৰিৱৰ্তন ঘটা বুলিলে এনে  এটা প্ৰক্ৰিয়াক বুজায় য'ত প্ৰাৰম্ভিক বস্তুবোৰৰ প্ৰকৃতি আৰু স্বকীয়তা সম্পূৰ্নৰূপে সলনি হৈ নতুন বস্তুৰ সৃষ্টি হয় ।  উদাহৰনস্বৰুপে - গাখীৰৰ পৰা দৈ হোৱা প্ৰক্ৰিয়া শ্বসন প্ৰক্ৰিয়া সালোক সংশ্লেষন ইত্যাদি । ৰাসায়নিক বিক্ৰিয়াৰ বিষয়ে অধ্যয়নৰ প্ৰয়োজনীয়তা কি ? আমাৰ দৈনন্দিন জীৱনত ঘটা বহুখিনি প্ৰক্ৰিয়াই ৰাসায়নিক পৰিৱৰ্তন । উদাহৰনস্বৰূপে - আমাৰ শৰীৰত ঘটা শ্বসন ক্ৰিয়া ,সেউজীয়া উদ্ভিদৰ পাতত ঘটা সালোক সংশ্লেষন , পোৰা চূণত পানী মিহলি কৰা প্ৰক্ৰিয়া ইত্যাদি । আমি অনুমান কৰিব পাৰোঁ যে ৰাসায়নিক বিক্ৰিয়া আমাৰ জীৱনৰ এটা অপৰিহাৰ্য অংগ । ইয়াৰ বহু কু-প্ৰভাৱো আমাৰ জীৱনত পৰে । যেনে - ঊষদ  সদায় চিকিৎসকৰ পৰামৰ্শত লব লাগে । সময় পাৰ হৈ যোৱা ঊষদে ভয়ংকৰ ক্ষতি সাধন কৰিব পাৰে । সেয়ে ৰাসায়নিক বিক্ৰিয়াৰ বিষয়ে ...